পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৫১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ২৪৯)

লক্ষণৰ প্ৰবোধ শুনিয়া ৰঘুপতি।
নিশ্বাস ফোকাৰি উঠি বসিল সম্প্ৰতি॥
সব সমাজক চাই বুলিলা বচন।
ধৰ্ম্ম সঙ্কটত মোক কৰিয়ো ৰক্ষণ॥১০৫৩
শপথ কৰিলোঁ মই কালৰ বচনে।
হেন বেলা গৈয়া মোক দেখিলা লক্ষণে॥
বশিষ্ঠ প্ৰমুক্ষে যত আছা মহাজন।
কহ অগ্নি খাওঁ কিবা কাটিবো লক্ষণ॥১০৫৪
শুনি সবে বোলন্ত মনত গুণি গান্থি।
সন্তাপত কাহাৰো নাহিকে সুখ শান্তি॥
আৰ লক্ষণত প্ৰভু আশা এৰিয়োক।
তুমি সত্য এৰা যেবে নষ্ট হুইবে লোক॥১০৫৫
এতেকে লখাইক প্ৰভু কাটিবে নালাগে।
বধ বুলি মহন্তৰ জনা পৰিত্যাগে॥
এতেকে লখাই প্ৰভু এৰিয়োক জানি।
তেবেসে তোমাৰে ইটো ৰহে সত্য বাণী॥১০৫৬
সবাৰো সম্মত শুনি কৌশল্যা নন্দন।
গলে ধৰি লক্ষ্মণৰ কৰন্ত ক্ৰন্দন॥
দুখৰ সহায় তৰী হৰুবাওঁ তোক।
এতেকে জানিলোঁ কালে গ্ৰাসিলেক মোক॥১০৫৭


নিশ্বাস ফোকাৰি-হুমুনিয়াহ কাঢ়ি।