পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

৶৹


চৰিতত এইদৰে আছে ⵓ—
যশ চন্দ্ৰ খাঁ যে  আছিলন্ত ভূঞাঁ।
 সৰ্ব্বগুণে অনুপাম।
তাহান কনিষ্ঠ  ভাই মহাশিষ্ট
 যাৰ শুকাইগিৰি নাম॥
তাহান তনয় যদু সুধাশয়
 গুণৰ নাহিকে অন্ত।
শ্ৰীভাগৱত  টীকায়ে সহিতে
 কণ্ঠত সদা বসন্ত॥
শঙ্কৰ দেৱৰ  ভাতৃ যে কনিষ্ঠ
 হাথীয়াদলৈ খ্যাত।
নামে ৰতিকান্ত পৰম মহন্ত
 মহন্তৰ সমজ্যাত॥✶
তাহান তনয় আতি শুভানয়
 ৰামচন্দ্ৰ নাম ভৈলা।
জীউখানি মাত্ৰ জন্মিল তাহাৰ
 এতেকে বৈকুণ্ঠে গৈলা॥


✶ পৰম শ্ৰদ্ধাস্পদ শ্ৰীযুক্ত লক্ষ্মীনাথ বেজবৰুৱা মহাশয়ে ৰতিকান্তৰ পুত্ৰ হাতীয়া বা হাথীয়া লিখিছে (শঙ্কৰদেৱ আৰু মাধৱদেৱ ১০ পৃঃ); আমি উল্লেখকৰা পদমতে ৰতিকান্তৰ অপৰ নাম হাথীয়া দলৈ।