সমললৈ যাওক

পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৪৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২৪৪)

অযোধ্যাত দুই চন্দ্ৰ জ্বলয়।
সঘনে মেঘে তেজ বৰিষয়॥
নিৰ্ঘাট ভূমি কম্পাই ঘনে।
নাহি সুখ দেখি ৰামৰ মনে॥১০২৯
সিবেলা ব্ৰহ্মাদি দেৱে পঠাইলা।
ৰামৰ পাশক কাল আসিলা॥
লক্ষ্মণক পাই বুলিলা বাণী।
সুৰভি নামে ঋষি মহামানী॥১০৩০
আসিয়া আছে ৰাঘৱৰ ঠাই
আছয় কিছু কাৰ্য্য অভিপ্ৰায়॥
কহিলা লক্ষ্মণে ৰামত যাই।
নিয়াইলা ৰাঘৱে আপোন ঠাই॥১০৩১
দেখিয়া পৃজিলা ৰামে উঠিয়া।
পাদ্যে অৰ্ঘ্যে বহু ভাগ্য জানিয়া॥
ৰাঘৱে বোলন্ত শুনিয়ো ঋষি।
কহিয়ো কি কাৰ্য্য সাধোঁ হৰিষি॥১০৩২
ঋষি বোলে তুমি আমি এখন।
আলাপ কৰন্তে দেখে যিজন॥
সিজন যদি তযু বধ্য হয়।
তেবেসে কহিবো গোপ্য নিৰ্ণয়॥১০৩৩


নিৰ্ঘাাট—ভয়ঙ্কৰ, গভীৰ শব্দ।