পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/৪৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২)

শ্ৰীফল বনত আছে অন্ধ দুই জন।
সত্বৰ কৰিয়া মোক নিয়োক এখন॥৫৩
মহা শোকে দুখে ৰাজা শৰ কাঢ়িলন্ত।
ৰাম ৰাম বুলি বিপে প্ৰাণ ছাড়িলন্ত॥
কান্ধত লৈলন্ত ব্ৰাহ্মণৰ শৱ তুলি।
শ্ৰীফল বনক ৰাজা গৈলা দুঃখে চলি॥৫৪
কতো বেলি পাইলা গৈয়া অন্ধকৰ পাশ।
সিন্ধু সিন্ধু বুলি দুয়ো দিলেক আটাস॥
এত বেলি কিসক বিলম্ব কৰ বাপ।
তোহোৰ বিলম্বে বহু লভিলোঁ সন্তাপ।৫৫
কোল চাপ আসি বাপু হৃদয়ক জুৰক।
গলে ধৰি দুহন্তক চুম্বন দিয়োক॥
এহিমতে নানা বাক্য বোলন্তে আছন্ত।
শুনি নৃপতিৰ শোক ভৈল অপৰ্য্যন্ত॥৫৬
ভয়ে গৰ্ব্ব গলিল আছন্ত মৌন ধৰি।
কতোক্ষণে মাতিলন্ত অল্প অল্প কৰি॥
তৱ পুত্ৰ বধী মই জানা মুনিবৰ।
দশৰথ ৰাজা শব্দভেদী পাপী ঘোৰ॥৫৭
শব্দ অনুসাৰে পশু মাৰোঁ অৰণ্যত।
তৱ পুত্ৰে পানী ভৰে শুনিলোঁ দুৰত॥
গজে পানী খায় বুলি কৰিলোঁ প্ৰহাৰ।
অজ্ঞানত মাৰিলোহো তোমাৰ কুমাৰ॥৫৮