সমললৈ যাওক

পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২২৯)

সীতাক স্নেহে ভৰত চাইল।
সুবৰ্ণ আসন পাৰি দিয়াইল॥
তিনিয়ো দেৱৰে অশেষ বুলিলা।
নবসন্ত সীতা ক্ৰোধে জ্বলিলা॥৯৮১
কৌশল্যা প্ৰমুখ্যে শান্ত বোলন্ত।
কাহাকো মাথা তুলি নচাহন্ত॥
অপমানে যেন হৃদি বিদাৰে।
বহে নয়নৰ লোতক ধাৰে॥৯৮২
সীতাৰ ক্ৰোধক দেখি অপাৰ।
ভয়ে প্ৰভু ৰামে নচান্ত আৰ।
পাছে সীতা দিয়া ৰামক পিঠি।
এৰি লাজ কৰি সভাক দৃষ্টি॥৯৮৩
কহিবে লাগিলা ৰামৰ গুণ।
ৰামৰ কাহিনী শুনা নিপুণ॥
তাহান চৰণে যাহাৰ কাম।
সঘনে ডাকি বোলা ৰাম ৰাম॥৯৮৪