সমললৈ যাওক

পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২২২ )


ৰামৰ সাপ দেখি সমাজে কান্দন্ত।
দেখিয়া বশিষ্ঠ আদি প্ৰবোধ বোলন্ত॥
জীয়ন্তে জানকী কেনে বিশাদ কৰাহা।
আনন্দ সময়ে কিয় খেদ মিলাৱাহা॥৯৪৬
হেন শুনি ৰামে আখি মুখ মুছিলন্ত।
সীতাক আনিবে আপুনিয়ে সাজিলন্ত॥
বশিষ্ঠৰ হাকে প্ৰভু পালটি বসিলা।
সীতাক আনিবে চাৰি জনক মাতিলা॥৯৪৭
বিভীষণ শত্ৰুঘণ সুসেন মাৰুতি।
চাৰিকো পঠাইলা প্ৰভু কৰিয়া কাকূতি॥
সীতাক আনিয়া মোক দিয়া প্ৰাণ দান।
বান্ধৈক বুলি যেন এৰে অপমান॥৯৪৮
ৰাঘৱৰ কাতৰে কান্দিলা চাৰি বীৰ।
বাল্মিকীৰ আশ্ৰম পাইলেক ধীৰে ধীৰ॥
দেখিলন্ত সীতাক ভূমিত আছে বসি।
প্ৰভাতৰ চন্দ্ৰ যেন পৰিছন্ত খসি॥৯৪৯
সেহিমতে আছে মাৱ মলিন স্বভাৱে।
স্বামীৰ চৰণ দুই চিন্তি জগ মাৱে॥
দেখি চাৰি বীৰ যেন সম্যকে মৰিলা।
হৰি হৰি মাৱ বুলি চৰণে নমিলা॥
তাসম্বাক দেখি মাৱ শঙ্কিত স্বভাৱ।
শিলিখা বলোৱা বস্ত্ৰে আৱৰিলা গাৱ॥