সমললৈ যাওক

পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২২৭)

বাল্মীকিক দেখি উঠিল ৰাম।
কৰিলা সাদৰে পৰি প্ৰণাম॥৯৭০
তুলসী আশীৰ্ব্বাদ ঋষি দিল।
ৰাঘৱে দুই হাত পাতি লৈল॥
এক ভিতি হৈয়া থাকিলা আই।
মাথে বস্ত্ৰ দিয়া কাকো নচাই॥৯৭১
বাল্মীকি বোলন্ত ৰামৰ আগে।
বশিষ্ঠ আদি শুনা মহাভাগে॥
জানকীক বুলি প্ৰবোধ বাক।
আনিয়া ৰাঘৱ দিলোঁ তোমাক॥৯৭২
যেন লাগে আঙ্ক পৰীক্ষা কৰা।
কিঞ্চিতো ছিদ্ৰ নপাইবাহা তোৰা॥
স্বপ্নতো নজানে ৰাঘৱ বিনে।
হেনয় শান্তী নাহি ত্ৰিভুবনে॥৯৭৩
বাহু তুলি বোলোঁ শুনা সমাজে।
কৰোহোঁ শপত সীতাৰ কাজে॥
কোটি জন্মে কৈলো ধৰ্ম্ম যতেক।
ইজন্মৰো তপ ব্ৰত প্ৰত্যেক॥৯৭৪
সব নষ্ট মোৰ হৌক এখন।
সীতা যে দোষী হোৱে অল্পমান॥
তপৰ বলে ভূত ভবিষ্যত।
জানোহোঁ আৰ নাহি ত্ৰৈলক্যত॥৯৭৫