পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৬৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২১২ )


দুভায়ে গান্ত ৰামায়ণ গীত।
কোকিল কণ্ঠ যেন মনোনীত॥৮৯৮
যন্ত্ৰ বজাৱন্ত বিচিত্ৰ কৰি।
শুনিলে প্ৰাণ-মন নিয়ে হৰি॥
দেখিয়া বাল্মিকীৰ আনন্দ মন।
দুভাইকো আশীষ দেন্ত সঘন॥৮৯৯
ঋষিৰ আদেশে পাছে দু-ভাই।
সমস্ত দেশত ফুৰন্ত গাই॥
শুনিয়া লোকৰ আনন্দ মন।
দুহাঙ্কো দিয়ন্ত বস্ত্ৰ ভূষণ॥৯০০
নলন্ত তাক নাহি অভিলাষ।
দেখিয়া প্ৰজাই নচাৰে পাশ॥
ইকথা আবে এহি মানে থওঁ।
ৰামৰ যেন ভৈলা তাক কওঁ॥৯০১
যৈসানি নিৰ্ব্বাস দিলা সীতাক।
তেখনৰে পৰা ভৈলা অবাক॥
নাহিকে প্ৰভুৰ ভোজন-পান।
লোতক সদা বহে দু-নয়ন॥৯০২
সুমৰি প্ৰভুৰ হৃদি দগধ।
কৰিলোঁ গৰ্ভৱতী স্ত্ৰীবধ॥


যৈসানি-যেতিয়া।