পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৬২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ২০৯ )


দশ দশ হাজাৰ বৎসৰ জীয়ে লোক।
নাহি মাৰি-মৰক একোৱে দুখ-শোক॥
এহিমতে আছে প্ৰভু অযযাধ্যা পুৰীত।
সমস্তৰে মহোৎসৱ বাঢ়ে নিতে নিত॥৮৮৫
কৌশল্যা প্ৰমুখ্যে সবে মাতৃৰ আনন্দ।
দেখিয়া পৰম ব্ৰহ্ম পুত্ৰ ৰামচন্দ্ৰ॥
জানকী ৰামৰ প্ৰীতি বাঢ়ে প্ৰতি নিতি।
স্বামীৰ সংযোগে সীতা ভৈলা গৰ্ভৱতী॥৮৮৬
পাছে দৈব গতি শুনিয়োক যেন ভৈল।
স্বপ্নৰ কথাক সীতা ৰাম আগে কৈল॥
শুনি তাক ৰামে হাসিলন্ত উচ্চ কৰি।
সব সভাসদে ডাকি বোলা হৰি হৰি॥৮৮৭

ভিন্ন স্থানে পিতুৰ্গেহং জানিহি পতিদেৱতে।
দুঃখং মাকুৰ বৈদেহি হাগচ্ছ মম চা শ্ৰমম্‌॥

ঘোষা॥ প্ৰভু ৰাম ৰঘুনাথ গোবিন্দ।
ভজহোঁ তযু পদ অৰবিন্দ॥

পদ।

বুলিলা ৰামে শুনা প্ৰাণেশ্বৰী।
স্বপ্নক কোনে মানে সত্য কৰি॥