পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(২০১)

শ্ৰীৰামে লখাইক  গলত বান্ধিয়া
 কান্দিলন্ত মহাশোকে।
বিশল্য কৰণী আনিবাক প্ৰতি
 পঠায়া দিলা হনুকে॥৮৪৯
তেহোঁ গৈয়া বেগে  ছায়াগ্ৰাহী মাৰি
 কালনিমি সংহাৰিলা।
তিনি কোটি গন্ধ- ৰ্ব্বক ৰণে মাৰি
 পৰ্ব্বত তুলি আনিলা॥
বিশল্য কৰণী বিচাৰি সুসেনে
 লক্ষণৰ নাকে দিলা।
ঔষধৰ গন্ধ পায়া তেতিক্ষণে
 লক্ষ্মণ উঠি বসিলা॥৮৫০
লক্ষ্মণ জীৱাৰ দেখি সমস্তৰে
 আনন্দ মিলিয়া গৈল।
আবেশে জানিলো সবেয়ো বোলয়
 দশগ্ৰীৱ নাশ ভৈল॥
শ্ৰীৰামৰ বাক্যে হনুমন্তে গৈয়া
 থৈ আসিলা পৰ্ব্বতক।
ৰাঘৱৰ শোক দেখিয়া লক্ষ্মণে
 বুলিবে লৈলা ৰামক॥৮৫১