পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৮৮ )

দেৱগণে কৰে তুতি-নতি।
বৰষিল চম্পক মালতী॥৮০৬
দশগ্ৰীৱে শুনি মুৰ্চ্চা গৈলা।
চুতি পাই কান্দিবাক লৈলা॥
দেৱান্তক আদি চাৰি ভাই।
প্ৰবোধিল পিতৃক বুজাই॥৮০৭
ৰণক চলিল দড়াদড়ি;
ৰথে ঘোড়ে কুঞ্জৰত চৰি॥
ঝপাইলেক সবে ঘোৰ ৰণ।
দেখি ঝিঙ্কৰিল কপিগণ॥৮০৮
শাল তাল বৃক্ষ বৰিষয়।
নৰান্তকে সৈন্যক মাৰয়॥
সুগ্ৰীৱ আদেশে বালিসুত।
তাক যেন ঢাইল যমদূত।৮০৯
সংগ্ৰাম বিশেষ দুইৰো ভৈল।
দুইকো দুই প্ৰহাৰিবে লৈল॥
বজ্ৰ সম মুষ্টিৰ প্ৰহাৰে।
নৰান্তক গৈল যমদ্বাৰে॥৮১০
পাছে অঙ্গদক তিনি বীৰে।
ঢায়া গৈল দুৰ্ঘোৰ সমৰে॥


জৰাইলে-লগালেক।
ঝিৰিলজিকাৰ খাই উঠিল। লৰিব-চৰিব নোৱাৰা