সমললৈ যাওক

পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
( ১৮৬ )


শুনিয়ো সৰ্ব্বজন ৰাম কথা।
দুৰ্ল্লভ জনম নকৰা বৃথা॥
এৰিয়া ভাষ ভুষ যত কাম।
নিৰন্তৰে নৰে ঘুষিয়ো ৰাম॥৭৯৮

ঘোষা॥ জয়তি ৰাঘৱ ৰাম হৰি।
তুমি ৰাক্ষসৰ অন্তকাৰী॥

পদ।

বিভীষণে বুলিলা বচন।
এহি প্ৰভু জানা কুম্ভকৰ্ণ॥
ত্ৰৈলক্য বিজয় জানা আক॥
সাৱধানে যুঁজিবা ইহাক॥৭৯৯
এত হন্তে ৰণে প্ৰবেশিল।
গিৰিসাই বান্দৰ ভাগিল॥
বৰ বৰ বীৰগণে তাক।
বেঢ়ি সবে দিল শিল জাক॥৮০০
প্ৰহাৰত কোপ জ্বলি গৈলা।
সৈন্য সব মিলিবাক লৈলা॥


ভাষ ভূষ - মিছা।