সমললৈ যাওক

পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ১৬০ )


ধৰি নিয়া দূতে ৰাম আগে যোগাইলন্ত।
দেখিয়া শ্ৰীৰামে দুইকো নিৰ্ভয় দিলন্ত॥
ৰাৱণক লাগি বাক্য কটুৰ পঠাইল।
ৰামক প্ৰণামি দুয়ো লঙ্কাত পয়িল॥৬৭৩
মেঢ়ত তুলিল নিয়া আপোন ৰাজাক।
আঙ্গুলী তৰিয়া দেখাৱয় বীৰ জাক॥
নল, নীল, সুসেন, অঙ্গদ, জাম্বুৱন্ত।
সৈন্দ্য, দ্বিবিধ, হনুমন্ত আদি যত॥৬৭২
যত মুক্ষ মুক্ষ চিনাইলেক বীৰগণ।
শ্ৰীৰামক চিনাবয় শুক যে সাৰণ॥
দেখিয়োক যিটো জন পৰ্ব্বত মূলত।
বসি আছে যাৰ সম নাহি জগতত॥৬৭৫
দুৰ্ব্বাদল শ্যাম তনু পূৰ্ণ চন্দ্ৰ মুখ।
দৰশনে লোকৰ মিলয় মহা সুখ॥
অস্ত্ৰ শস্ত্ৰ শাস্ত্ৰ গৰ্ব্ব গুণে অনুপম!
চিনিয়োক ভালে ৰাজা এন্তে শ্ৰীৰাম॥৬৭৬
ইহান ডাহিন পাশে দেখিয়ো নৃপতি।
সুবৰ্ণ গৌৰাঙ্গ তনু চন্দ্ৰসম জ্যোতি॥
ৰামৰ কনিষ্ঠ এন্তে লখমণ বীৰ।
যাৰ শৰ প্ৰহাৰে পৰ্ব্বত মেলে ছিৰ॥ ৬৭৭

মেঢ়-গড়।