পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৮৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১৩৫ )


পাছে জাম্বুবন্ত বীৰে।
মাতিলন্ত ধীৰে ধীৰে॥৫৭৩
হনুমন্ত মোক চাহা।
কেনে মৌন ধৰিলাহা॥
স্বামীৰ কাৰ্য্যক প্ৰতি।
আপুনি কৰিয়ো গতি॥ ৫৭৪
মাৰুতিয়ে নমিলন্ত।
অঙ্গীকাৰ কৰিলন্ত॥
জাম্বুৱন্তে জন্ম কৈলা।
হনুমন্তে ডেৱ দিলা॥৫৭৫
সুৰষাৰ মায়া তৰি।
আষাৰিকা প্ৰাণে মাৰি॥
লঙ্কাত পৰিল গৈয়া।
মায়ায়ে বিড়াল হুয়া॥৫৭৬
ৰাৱণৰ ঢৌলিঘৰে[১]
বিচাৰিয়া নিৰন্তৰে॥
মন্দোদৰী দেখিলন্ত।
সীতা বুলি নমিলন্ত॥ ৫৭৭
বহু শোক কৰিলন্ত।
পাছে মনে ভাবিলন্ত॥


  1. ঢৌলিঘৰ—কাৰেং ঘৰ; ৰজাৰ ঘৰৰ হাউলি।