পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৭৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ১২৮ )


শ্ৰীৰামে আছিলা চাই বনৰ ভিতৰে।
পৃথিবীকে বালিকে শালিয়া থৈলা শৰে॥
এহিমতে একে শৰে বালিক মাৰিলা।
সুগ্ৰীৱক কিস্কিন্ধাত নৃপতি কৰিলা॥৫৪০
বুলিবে লাগিলা প্ৰভু ৰাম বনমালী।
থাকিয়োক যাই মিত্ৰ ৰাজ্য প্ৰতিপালি॥
প্ৰস্ৰৱণ গিৰিত ৰহিলা দুই ভাই।
জানকী বিৰহে দিনে যুগ বহি যায়॥৫৪১
শ্ৰীৰামক বুজাই থাক লখমণে।
শাস্ত্ৰৰ যুগুত হিত বোলে প্ৰতিক্ষণে॥
এহি মতে বহিয়া গৈলেক চাৰি মাস।
তথাপি সুগ্ৰীৱ নাসিলেক ৰাম পাশ॥৫৪২
পাছে ৰামে লক্ষ্মণক বুলিলা বচন।
দেখিয়ো লক্ষ্মণ কেনে মিত্ৰৰ লক্ষণ॥
আমি বন বাসত আছোহোঁ মহাদুখে।
সিটো ভাৰ্য্যা সঙ্গে ৰাজ্য কৰে মহাসুখে॥৫৪৩
উপকাৰ বান্দৰ সকলে পাসৰিল।
চাৰি মাস বহি গৈল অদ্যপি নাসিল॥
ভাল মিত্ৰ পাইলোহোঁ বন-পশু লাগ।
তিলমাত্ৰ আমাত নাহিকে অনুৰাগ॥৫৪৪
আপুনি লক্ষ্মণ চলি যাহা তাৰ পাশ।
কহিব যি শৰে বালি ভৈল সৰ্ব্বনাশ॥