পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ১২৬ )


এতেক বিমৰিষি দুই জন।
নকৰিলা শৰ ৰাম-লক্ষ্মণ॥
বালিৰ মুষ্টিৰ পায়া প্ৰহাৰ।
সুগ্ৰীব মূৰ্চ্চা যান্ত বাৰম্বাৰ।৫০১
কতো বেলি বাট চায়া আছিলা।
নেদেখি উঠি ভিড়িলৰ[১]দিলা॥
ঋষ্য মুখে আসি পৰি কেঙ্কাই।
দুখে শ্ৰীৰামক বুলিলা চাই॥৫৩২
কোন শত্ৰু মই তোমাৰ ৰাম।
কৰিলা কিয় হেন মন্দ কাম॥
মই যদি বলে বালিক পাৰোঁ।
কিসক পৰ্ব্বতে পৰিয়া মৰোঁ॥৫৩৩
তোমাত ভৰসা কৰিয়া গৈলোঁ।
তাহাৰ প্ৰহাৰে সাঙ্গে মৰিলোঁ॥
মিত্ৰ-দ্ৰোহ-পাপ সবাতে চাৰ।
হেনয় পাপক মন তোমাৰ॥৫৩৪
জানা যে তুমি নমাৰিবা বালি।
কি কাৰ্য্য মিছাত গৈলোহোঁ চলি॥
এহি মতে বাক্য আনো বুলিলা।
শুনিয়ো সমস্তে শ্ৰীৰামৰ লীলা॥৫৩৫


  1. ভিডিলৰপাছলৈ ওভোতি নোচাৱালৰ কোনো ফালে
    নাচাই আগলৈ দৌৰ দিয়া।