পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৬৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(১২০)

আকাশত থাকি  বুলিলা প্ৰভুক
 চলিয়ো পূৰ্ব্ব দিশক।
ঋষ্য মুখে পাঞ্চ  বানৰ আছয়
 ধৰিয়ো তাক লাগক॥
তাৰাৰ সহায়ে  সীতাক পাবাহা
 বুলিলো নিষ্ট বচন।
হেন শুনি দুয়ো  ঋষ্য মুখ গিৰি
 চলি গৈলা তেতিক্ষণ॥৫০৪
শুনা নৰলোক  আবে কেনে হৌক
 কলিত নামেসে গতি।
জানিয়া শ্ৰীৰাম  চন্দ্ৰৰ নামক
 ঘূষিয়োক প্ৰতিনিতি॥
তেবেসে আপোন  জীৱৰ কুশল
 সাধিবাক পাৰে লোক।
অনন্তে বোলয়  কৰিয়া নিশ্চয়
 ৰাম ৰাম ঘুষিয়োক॥৫০৫


 

 নিষ্ট-নিশ্চয়, ঠিক।