পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৬৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(১১৮)

ৰাক্ষসক মাৰি   আসে ৰাম চন্দ্ৰ
ভৈলা দুয়ো এক ঠাই।
কিয় এৰি আইলি   পুছিলন্ত ৰামে
কহিলা সব লখাই॥
শুনি ৰামচন্দ্ৰে   জানকীৰ স্নেহে
হৃদয়ত ভুকু মাৰি।
হা কি কৰিলি   লখাই বুলিয়া
লৰ দিলা বেগ কৰি॥৪৯৯
দেখে পৰ্ণশালা   শূন্য পৰি আছে
নাহিকন্তু প্ৰাণেশ্বৰী।
জানকী জানকী   জানকী বুলিয়া
দেন্ত প্ৰভু দীৰ্ঘ গেড়ি॥
বিহ্বল ভৈলন্ত     শালাত চাহান্ত
পুনু শালা চতুৰ্ভিতা।
জানকী জানকী   বুলি দেন্ত গেড়ি
কৈক গলি প্ৰাণ সীতা॥৫০০
মোৰ প্ৰাণ জীউ   জনকৰ জীউ
প্ৰিয়া মোৰ কণ্ঠ-হাৰ।
মোক শোক দিয়া   কোনে গৈলা নিয়া
হৃদয়ে মাৰি কুঠাৰ॥