পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(২)

জগত কাৰণ নমোঁ জগত তাৰক।
ভকত বান্ধৱ পশু-পক্ষী নিস্তাৰক'॥ ২
হৃদয়ৰ বন্ধু দেৱ ৰাম গুণ-নিধি।
হুয়োক প্ৰসন্ন কৰিয়োক সৰ্ব্বসিদ্ধি॥
তযু গুণ নাম কিছু বৰ্ণইবাক চাওঁ।
হৃদয়ৰ বন্ধু যাৰ কৃপা-লেশ পাওঁ॥ ৩
নমোঁ নমোঁ শ্ৰীশঙ্কৰ তুমি পূৰ্ণকাম।
কীৰ্ত্তনৰ ছন্দে বিৰচিলা গুণ-নাম॥
তুমি ঈশ্বৰৰ কৰ্ম্মে মোৰ মন ভৈল।
যেন ব্ৰহ্ম-বধীয়ে স্বৰ্গক আশা কৈল॥৪
তথাপিতো তযু কৃপা যি জনে পাৱয়।
তাৰ বাঞ্ছা সিদ্ধি হেবে কি কৈবে লাগায়॥
তুমি কৃপাময় মোত হুয়োক প্ৰসন্ন।
আবে শুনিয়োক সভাসদ যত জন॥৫
সাতকাণ্ড ৰামায়ণ বাল্মীকিৰ কৃত।
তাৰ সাৰ উদ্ধাৰিয়া কৰিলা বিদিত॥
ৰামায়ণ চন্দ্ৰিকা থৈলন্ত তাৰ নাম।
কলাপ চন্দ্ৰ যে দ্বিজ মহন্ত উপাম॥৬
তাৰ সবে অৰ্থ মই পাইবো কিবাধিক।
একে শূদ্ৰ জাতি আৰো বুদ্ধিত অল্পিক॥
তথাপিতো হৃদিশ্বৰ দেৱ অনুগ্ৰহে।
তাৰ অৰ্থ যেন পাওঁ কহিবো সংগ্ৰহে॥৭