পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৪৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

( ৯৯ )


এহিমতে হাসে পৰিহাসে দিননেন্ত।
চিত্ৰকূট পান আতিশয় প্ৰশংসন্ত॥
জাহ্নবীৰ বায়ু লাগে সুশীতল আতি।
কেন ৰম্যস্থান দেখিয়োক সীতা সতী॥৪১৩
আক দেখি অযোধ্যাৰ সুখ পাসৰিলোঁ॥
চিত্ৰকূট পায়া অতি আনন্দিত ভৈলোঁ॥
নানাবিধ মৃগ পক্ষীগণে কৰে ৰাৱ।
সুগন্ধী সমীৰে উপজাৱে কাম ভাৱ॥৪১৪
এহিসব কথা কহি সীতায়ে সহিত।
শ্ৰীৰাম লক্ষ্মণ সীতা আছন্ত তহিত॥
সেহিবেলা ভৰতে পাইলন্ত গৈয়া স্থান।
লোকৰ কোঢ়াল শুনিলন্ত বিদ্যমান॥৪১৫
লক্ষ্মণক চাই পাছে ৰামে বুলিলন্ত।
মৃগ মাৰিবাক কোন ৰাজা আসিছন্ত॥
জানি আসিয়োক শীঘ্ৰে লক্ষণ ভৈঁয়াই।
শুনিয়া লক্ষ্মণ বৃক্ষে চৰিলন্ত যাই॥৪১৬
ভৰত আসয় হেন জানি তেতিক্ষণ।
ৰামৰ আগত আসি বুলিলা বচন॥
শুনিয়োক প্ৰভু ৰাম ভৰতৰ কায।
মায়েকৰ[১] হাতে কাঢ়ি লৈলে সব ৰাজ॥৪১৭
তথাপি দুৰ্জ্জন মনে ক্ষমা নকৰিল।
তোমাক মাৰিবে লাগি সাঁজিয়া আসিল॥


  1. মায়েক -মাক।