পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৪২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৯৩ )


সিটো আনন্দৰ মহোদয়।
ভূমি সবে দেখিবা নিশ্চয়॥৩৯২
মই পাপী নেদেখোঁ নিশ্চিত।
বিধি মোক কৰিলে বঞ্চিত॥
এহিমতে কান্দি কান্দি ৰায়।
বোলে দুই মহাদেক চাই॥৩৯৩
পুত্ৰশোকে মোৰ যায় প্ৰাণ।
দুয়ো বান্ধৈ সুমৰাৱ নাম॥
কতোক্ষণে ৰাজা সুস্থ ভৈলা।
পুনৰ্ব্বাৰ শয়ন কৰিলা॥৩৯৪
কৌশল্যা সুমিত্ৰা শুতিলন্ত।
নিদ্ৰাতে নৃপতি মৰিলন্ত॥
প্ৰভাতে দেখয় সব লোকে।
ৰাজা মৰিলন্ত পুত্ৰ শোকে॥৩৯৫
বশিষ্ঠাদি পাত্ৰ আসিলন্ত।
নৃপতি তৈলত থৈলন্ত॥
শীঘ্ৰে আসিলন্ত দূতগণ।
শিখায়া পঠাইলা তেতিক্ষণ॥৩১৬
ৰাজ-আজ্ঞাকৈয়া নিৰন্তৰে।
ভৰতক আনিয়ো সত্বৰে॥
শুনিয়োক সভাসদ গণে।
বিষয়ৰ সুখ দেখা কেনে॥৩৯৭