পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

( ৮৮ )

দুই খানি গৃহ দুই ভাই নিৰ্ম্মিলন্ত।
বৃক্ষ পত্ৰ দিয়া ভালমতে চাইলন্ত॥
ধবল সুগন্ধী গঙ্গা-তীৰ মাটি আনি।
দুই খানি ঘৰ সীতা লিপিলা আপুনি॥৩৬৮
চোতালক নিৰ্ম্মাণ কৰিলা সুশোভন।
আৰ আগে কৰিলন্ত তুলসী ৰোপণ॥
চাৰি গুটি কান্থিক কৰিলন্ত ভাল কৰি।
আপুনিয়ে মাটি তুলি ৰাঘৱ মূৰাৰি॥৩৬৯
শ্ৰীৰামে বোলন্ত বাপু লক্ষ্মণ ভৈয়াই।
নৱ গৃহ লৈলে হৰি পূজিবে লাগয়॥
ফল মূল ফুল আনা বনত বিচাৰি।
কৃষ্ণসাৰ মৃগ বাপু আনিয়োক মাৰি॥৩৭০
হেন শুনি মৃগ মাৰি লক্ষ্মণে আনিলা।
সীতায়ে ৰান্ধিলা ৰামে ঈশ্বৰ যজিলা॥
এহিমতে নৱ ঘৰ লইয়া শ্ৰীৰাম।
জানকী লক্ষ্মণ সমন্বিতে পূৰ্ণকাম॥৩৭১
বঞ্চিলন্ত তাহাতে আনন্দে তিনি জন।
মৃগ মাৰি দিনে দিনে আনন্ত লক্ষ্মণ॥
ফল মূল আনিবাক যান্ত বন মাজ।
সীতা সমে ৰতি ৰঙ্গে থাকে ৰঘুৰাজ॥৩৭২


কাষ্ঠি-কাঠি, পিৰালি