পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১০৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
(৬০)

ভুঞ্জিলোহোঁ ৰাজ্য ভোগ বয়স গড়াইলো।
জগত ঈশ্বৰ তুমি পুত্ৰ কৰি পাইলো॥
সব মনোৰথ মোৰ ভৈলা সমাপতি।
কিন্তু কৰিবাক আছে তোমাক নৃপতি॥২৬২
কালি প্ৰভাততে তাকে কৰিবোহুঁ সাঙ্গ।
পাত্ৰ মন্ত্ৰী সমস্তৰে দেখো বৰ ৰঙ্গ।
কালি ৰাজা হুয়া বাপু ৰাজ্য পালিয়োক।
যেন মতে পালিবাহা তাক শুনিযোক। ২৬৩
কৰ-দণ্ড লৈবাহা প্ৰজাক দুখ নেদি।
ধৰ্ম্মিষ্ঠক পালিবাহা অধৰ্ম্মীক খেদি॥
গজ বাজী প্ৰজা যত মোহ নকৰিবা।
সমস্তকে দানে মানে নিতে সন্তোষিবা। ২৬৪
বন্ধু মিত্ৰ থানে থানে কৰিবা থাপন।
দুষ্টক প্ৰশ্ৰয় নিদি কৰিবা শাসন।
এহিমতে শিক্ষা দিয়া পাঠাইলা ৰামক।
আনন্দে থাকিলা ৰাম কহিয়া সীতাক॥২৬৫
ৰাজ-আজ্ঞা পায়া চলি গৈলা পাত্ৰগণ।
তেতিক্ষণে মিলালা সম্ভাৰ লাগে যেন॥
অষ্ট কন্যা সজাইলন্ত সালঙ্কৃতা কৰি।
চাৰি সাগৰৰ জল আনিলা উদ্ধাৰি॥২৬৬



গড়াইলোঁ-কটালো॥