পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

(৫৫)


সমস্ত বজাইল মহা মিলিল উৎসাহ।
শুনিলা আসিল ৰাম কৰিয়া বিবাহ॥
আগ্ৰনটী ডালাক ধৰি যত নাৰীগণ।
জুমা জুমি ঝোকাৰ দিৱয় ঘনে ঘন॥২৩৮
তিনি মহাদই লৈয়া দশৰথ ৰায়।
নিজ গৃহে বহুবিধ মাঙ্গল্য কৰায়।
দণ্ড-ছত্ৰ-বাদ্য-ভণ্ড সঙ্গে লৈয়া প্ৰজা।
আগ বাঢ়ি প্ৰবেশ কৰাইলা নিয়া ৰাজা॥২৩৯
কি কহিবো যত ৰঙ্গ ভৈল সিবেলাত।
মহা মহোৎসৱ মিলি গৈল অযোধ্যাত।
ভোজন-শয়ন ৰতি ৰঙ্গ পৰিহৰি।
সাত-ৰাম-লক্ষ্মণক চায় নেত্ৰ ভৰি॥২৪০
কতক্ষণ নাৰী সৱ গৃহৰ নোহ্লাই।
নয়ন ভৰিয়া চায় কুন্দ্ৰাক্ষ-জ্বালায়॥
ৰাম মুখ সুনিৰ্ম্মল পূৰ্ণ চন্দ্ৰ ভৈল।
নয়ন চকোৰ ভৰি পিবে সৱে লৈল॥২৪১
তৃপ্তি নপলাই ৰাম-সীতাক চাহন্তে।
এহিমতে পথে চলি যান্ত ভগৱন্তে॥
সুক সুকী গৃহে গৈয়া প্ৰবেশ ভৈলন্ত।
উৎসৱ মাঙ্গল্য বেদ-ধ্বনি কৰিলন্ত॥২৪২


কুন্দ্ৰাক্ষ-পকা ঘৰৰ ইটাৰে কৰা খিৰিকী।

সুকী সুকী—সুকীয়া, নিজ-নিজ।