পৃষ্ঠা:শ্ৰীৰাম-কীৰ্ত্তন.djvu/১০১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
(৫২)

কেন মতে সম হৈবো।
শৰ আমি নলইবো॥
তেভো নেক্ষেমাহা যেবে।
শুনা ঋষি বাক্য তেবে॥২২৪
ঋষি-বেশ দূৰ কৰি।
ক্ষত্ৰিয়ৰ ধৰ্ম্ম ধৰি॥
কেনে প্ৰবৰ্ত্তাহা তুমি।
সিহেতু দণ্ডিবো আমি॥ ২২৫
শ্ৰীৰামৰ বাক্য শুনি।
বুলিলন্ত পাছে মুনি॥
তুমি যদি বীৰ হোৱা।
দেখো মোৰ ধনু লোৱা॥ ২২৬
হাঁসি লৈলা তেতিক্ষণে।
চাই আছে সৰ্ব্বজনে॥
লেক্‌ লেক্ কৰি টানি।
ভাঙ্গিলেক ধনুখানি॥২২৭
হাঁসি বুলিলন্ত ৰাম।
কৰিলোহো সিদ্ধ কাম॥
হেৰা গুৰু তযু ধনু।
চাহন্তে ভাঙ্গিল পুনু ২২৮


তেভো-তেন্তে, তথাপি। লেক্‌ লেক্‌ -নোৰোৱাকৈ একেৰাহে