হেন দেখি বাঢ় খট ভয় ভৈল মনে।
শৰণ পশিলোঁ গুৰুদেবৰ চৰণে॥
ত্ৰাহি ত্ৰাহি প্ৰভূ তুমি ৰাখিও আমাক।
আমি মহা চোৰ জাতি, আনিলা গৃহক॥
অনেক ভাগ্যৰ জন্ম আজিসে মিলিলা।
পৰম ঈশ্বৰ আসি আগে দেখা দিলা॥
এহিমতে স্তুতি কৰিলন্ত কৰি সেৱ।
শুনিয়া সন্তোষ পাছে ভৈলা হৰিদেৱ।৷
পৰম নিৰ্ভয় দিয়া বুলিলা বচন।
বেশ্যাক ত্যাগিয়ো এবে তোৰা বাঢ়জন॥
শুনি হেন বাণী পাছে বেশ্যাক এৰিলা।
সেই দিনা হন্তে বাঢ়জন ভক্ত ভৈলা।৷
পৰম ভকতি পন্থ তাহাক দেখাই।
বান্ধিলন্ত বাসা তৈতে আনন্দ গোঁসাই॥
সকল ভকতে ধৰি পুখুৰী খান্দিলা।
তাহাৰ দক্ষিণ পাৰে ফুলক পুতিলা৷।
ফুলৰ মহিমা কহি কোনে পাব অন্ত৷
যাক দৰশণে ব্ৰহ্মহত্যা কৰে অন্ত॥
পৰম বিশ্বাসে ফুল পিন্ধে যিতোজন।
অপ্ৰয়াসে চলি যায় বিষ্ণুৰ ভুবন॥
এহিমতে কত কাল গৈলা আনন্দত।
সকল ভকতে আসি পাৰ্থিলা প্ৰকৃত॥
এখনি গোচৰ কৰোঁ তুৱা চৰণত।
কৰিয়ো বিবাহ প্ৰভু পুত্ৰৰ নিমিত্ত।৷
হেন বাক্য শুনি প্ৰভু দিলন্ত উত্তৰ।
বিবাহক নুবুলিবা ভক্ত নিৰন্তৰ৷।
পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৯৩
অৱয়ব
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২