পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৮০

ক্ষুধা তৃষ্ণা তাহান তেখনে দূৰ ভৈলা৷
দুগুণ অধিক তান মন সন্তোষিলা॥
এহি মতে চলি প্ৰভু যান্ত পথচয়।
গোবিন্দক চাই পুনু বচন বোলয়॥
বাৰ দিন নাহি মোৰ অন্ন যে ভোজন।
এইতো উত্তম ক্ষেত্ৰ মাধৱৰ স্থান॥
হেন শুনি গোবিন্দ যে ভেলক বান্ধিলা।
হৰিদেৱ উঠি পাছে স্নানক কৰিলা॥
নিত্য কৰ্ম্ম কৰিলেক বিধি ব্যবহাৰে।
মাধবক প্ৰণাম কৰিলা তাতপৰে॥
স্তুতি নতি ভকতি যে কৰিলা বিস্তৰ।
মাধবৰ মালা আনি পৰিলা শিৰত॥
অদ্ভুত দেখি সবে ভৈলেক হৰিষ।
মনতে ভাবিলা এস্তে নুহিকো মানুষ॥
ৰঙ্গমনে মাধবৰ প্ৰসাদ ভুঞ্জিলা।
অমৃতোধিক তাৰ স্বাদক লভিলা॥
কৰিলন্ত প্ৰদক্ষিণ মণিকূট শিৰে।
উঠিলন্ত ভেলে পুনুৰূপি প্ৰাণহৰি॥
শুনিয়োক কথা আৱে আত অনন্তৰে।
মালিপাৰা গ্ৰামে আছে খাগৰিয়া পাৰে॥
তাহান ঘাটত নিয়া ৰাখিলন্ত ভেলা।
খাগৰিয়া আহি পাছে তহিতে মিলিলা॥
পৰম সুন্দৰ ৰূপ দেখি অনুপাম।
পৰিয়া খাগৰা পাৱে কৰিলা প্ৰণাম॥