পৃষ্ঠা:শ্ৰীশ্ৰী হৰিদেৱ চৰিত্ৰ.djvu/৭৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
( ৬ )

দান্তে তৃণ ধৰি হৃদয় পদ্মত
কৰিলা বহুত স্তুতি॥
পৰম ঈশ্বৰ দৈৱকী নন্দন
তেৱে হৰি অৱতাৰ।
অংশ ৰূপ ধৰি অনেক জীবক
কৰিবে হৰি উদ্ধাৰ॥
ধন্য ধন্য ধন্য পাৰিজাতি সতী
কত পূন্য আছা কৰি৷
তোমাৰ গৰ্ভত হৰি হৈব জাত
জানোঁ আক নিষ্ঠ কৰি॥
এহি বুলি দ্বিজে হৰিষে বসিয়া
উলাহে নাচিবে লৈলা৷
অনেক লোকৰ নিস্তাৰ জানিয়া
ঈশ্বৰ চিন্তিবে লৈলা॥
শুনা সভাসদ ইতো পূণ্যপদ
গুৰুৰ চৰিত্ৰ সাৰ৷
হেন জানি সবে গুৰুৰ চৰণে
হৃদয়ত বান্ধি ধৰা॥
আন কাম এৰি ভজিয়ো গুৰুক
সুখে ভবনদী তৰা৷
ইতো সংসাৰত গুৰুসে কাণ্ডাৰী
জানিয়া লৈয়ো শৰণ॥
সংসাৰ ভিতৰে আন কোন জনে
কৰিবেক পৰিত্ৰাণ৷