(৩৩)
. নিবোধ কৰত সদগুৰু প্ৰদৰ্শিত বাট অবলম্বন কৰি ইহপকালৰ আশ্ৰয় একমাত্ৰ পূৰ্ণব্ৰহ্ম শ্ৰীশ্ৰীকৃষ্ণ দেৱত একান্ত শৰণ মাগোঁহক। যেনে কোন এজনী তিৰোতা এজনক ভজিলে সতী আৰু অব্যাভিচাৰিণী আৰু বহুজনক ভজিলে অসতী ব্যাভি- চাৰিণী হয়, তেনে কৰি আন দেৱদেৱীক তেজি অকল শ্ৰীকৃষ্ণ দেৱক ভজি অব্যাভিচাৰিণী ভক্তিমাগ লাভ কৰোঁহক।
মাঞ্চ যোহব্যাভিচাৰেণ ভক্তি যোগেণ সেবতে।
সগুণান্ সমতীত্যৈতান্ ব্ৰহ্মভূয়ায় কল্পতে॥
গীতা ১৪শ অঃ ২৬ শ্লোক।
জানামি ধৰ্ম্মং নচমে প্ৰবৃতি জানাম্য়ধৰ্ম্মং নচমে নিবৃত্তি।
ত্বয়া হৃষীকেশেন হৃদিস্থিতেন যথা নিযুক্তোস্মি তথা কৰোমি॥
সেহি ধন্য লোক শুচিমন্ত সৰ্ব্বগুণ শ্ৰেষ্ঠ বিদ্যাবন্ত
যজ্ঞে তপে আতি সিসি জন শুদ্ধমতি।
সিসি জন মহাদাতা জ্ঞানী সিসি সত্যবাদী মহামানী
পুৰুষোত্তমত আছয় যাব ভকতি ॥ ‘নামঘোষা।
জয় জয় হৰিগুৰু দেববর, সজ্জন মনোহৰ, দ্বিজৰূপে অবতাৰ।
কলিযুগ পাপ পয়োধি কয়োলি হৰিন্নাম কৰিলা বিস্তাৰ॥
কৃষ্ণ ৰং হি চিৎ সৰূপং নিত্য জ্ঞান মখণ্ডিতং।
তদ্ধিনোদৰূপ মন্য়ম্নয়া কল্পং চৰাচৰং॥
হৰি তুমি হে মাত্ৰ চৈতন্য স্বৰূপ। তুমি সত্য শুদ্ধ আক পূৰ্ণজ্ঞানময়, তুমি বিনা জগতৰ সমস্তই অনিত্য, অমৃত,” অশুদ্ধ আৰু অল্পজ্ঞান বিশিষ্ট। এই বিশ্ব ব্ৰক্ষ্মাণ্ড তোমা লীলাভূমি। এই জগত তোমাৰ বিশ্বমোহন মায়া দ্বাৰা ৰচিত।এতেকে