(২২)
কৰে বুলি উত্তৰ দিলে। ভাৰ্যাক অভকত জানি শঙ্কৰে মাধব
দেৱৰ দ্বাৰা হৰিদেৱক মতাই আনি তেওঁত শৰণ লবলৈ উপ-
দেশ দিলে।
৺শ্ৰীশ্ৰী হৰিদেৱ বা হৰিগুৰুক এজন বাকসিদ্ধ মহাপুৰুষ, আৰু বয়োজ্যেষ্ঠ সৰ্ব্বশাস্ত্ৰত পাৰদৰ্শিতা দেখি শঙ্কৰ মাধব দামোদৰে তেওঁক বিশেষ কৈ মান কাৰছিল।
এঠাইত শঙ্কৰে লিখি গৈছে—
“শুনা হৰিগুৰো ভাৰ্য্যাৰ আমাৰ
আজি ধৰি গুৰু ভৈলা।
এহি বুলি শুক্ল বস্ত্ৰ জুৰি আনি
সম্মান তাঙ্ক কৰিলা
শুনা হৰিগুৰো ভাগৱত ধৰ্ম্ম
কহিও মোত বুজাই।
ইত্যাদি।
ইয়াৰ পৰা হৰিদেৱৰ প্ৰতি শঙ্কৰদেৱৰ কেনে অচলাভক্তি আছিল তাক সুন্দৰকৈ বুজা যায়। বাস্তবিক ভকতেহে ভকতৰ মূল বুজে। সাপেহে সাপৰ ঠেং দেখে। হৰিদেৱৰ সাত্ত্বিক ভাগৱতী ধৰ্ম্মভাৱৰ গভীৰতা শঙ্কৰ চৈতন্যেহে ভালদৰে বুজি- ছিল। গুণগ্ৰাহী গুণৰ মৰ্য্যাদা বুজে। অগুণী গুণৰ মূল নুবুজি নুগুনি বাটত ভেটা দিব যাই নিজৰ ভিতৰত কোঢ়াল লগাই বেমেজালিত পৰি মৰে।
শ্ৰীশ্ৰীশঙ্কৰদেৱে দ্বিজ দামোদৰক লগত লই ভকত সক লোৰে সৈতে মানেবীক গই তাত দেউল বান্ধি শ্ৰীশ্ৰীহৰিদেৱৰ মান বঢ়াইছিল। দৰাচলতে দেখা যায় যে শঙ্কৰ, মাধব,