পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে

নিবেদন।

 জগতগুৰু শ্ৰীশ্ৰীশঙ্কৰ দেৱৰ বহল জীৱনী লিখিবলৈ লিখকৰ সাধ্য নাই। কিন্তু প্রতিভাশালী লােকৰ ওচৰত থাকিলে অলপ নহয় অলপ পৰিমাণে বল পােৱা যায়। ৰায় বাহাদুৰ শ্ৰীযুত আনন্দচন্দ্ৰ আগৰৱালা দেৱৰ উদ্গণিত শ্ৰীশ্ৰীশঙ্কৰদেৱ সম্বন্ধে এখনি ৰচনা লিখিছিলোঁ। সেই ৰচনাখনি ১৯৩১ খৃষ্টাব্দৰ ২৭ ভাদত জগত-গুৰুৰ তিথি উপলক্ষে হোৱা তেজপুৰ অ, ভা, উ, সা সভাত পঢ়া হৈছিল। সাহিত্যিক পেন্সনাৰ ৰায়চাহেব শ্ৰীযুত পদ্মনাথ গােহাঞি বৰুৱা দেৱে আৰু শ্ৰীযুত আগৰৱালা দেৱে ৰচনাখনি সম্বন্ধে বৰ উচ্চ মত প্রকাশ কৰিছিল। ৰচনাখনি যোৱা বছৰৰ আবাহনত প্রকাশ হবৰে পৰা লিখকে নানা ঠাইৰ নানা লােকৰ পৰা ভালেমান শলাগনি পত্র পাই আহিছে । সকলােৰে অনুৰােধত সেই ৰচনাখনিকে আৰু অলপ কথাৰ দ্বাৰা চমু আলােচনাৰ অঙ্গ পুৰ কৰি ৰাইজৰ আগত পুস্তিকাকাৰে উলিওৱা হ’ল। অনুৰােধ—সকলােৱে এবাৰ পঢ়ি চাওক আৰু মহাপুৰষৰ আদৰ্শত অনুপ্রাণিত হওক। লগতে লিখকৰ দোষবোৰলৈ আওকাণ কৰিব। ইতি—



তেজপুৰ

নিবেদক

২৭,৭,৩২

শ্ৰীহৰকান্ত দাস৷