পৃষ্ঠা:শ্ৰীশ্ৰী শঙ্কৰদেৱ.djvu/১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
শ্ৰীশ্ৰীশঙ্কৰ দেৱ৷
 


নপৰ নপৰপৰ সতৰত গময়।
সভয়মভয় মম হৰ সততয়॥
খৰতৰবৰ শৰহত দশবদন৷
খগচৰ নগধৰ ফণধৰ শয়ন॥
জগদঘমপহৰ ভৱভয়তাৰণ।
পৰপদলয়কৰ কমলজ নয়ন॥

 বুঢ়ীমাকৰ মুখত ভগবানৰ মহিমাৰ কথা শুনি বালক শঙ্কৰে পদছন্দে বান্ধি সুৱলা সুৰত তুলিলে। ইয়াতেই শঙ্কৰৰ অলৌকিকতা প্ৰকাশৰ সূত্রপাত হয়। এদিন একাদশী তিথিত স্কুল ছুটীৰ পিছত আন ল’ৰাবিলাক ওলাই যােৱাত শঙ্কৰে স্কুলতে শুই পৰিছিল। ভৰটোপনিত লালকাল হৈ পৰি থকাত শঙ্কৰৰ মুখত ৰ’দ লাগিছিল। তাকে দেখি এটা ফেঁটী সাপে ফণা মেলি শঙ্কৰৰ ৰাঙলী মুখক ছাঁ কৰি ধৰিছিল। কিছু সময়ৰ পিছত কন্দলী সেইপিনে আহি অদ্ভূত ঘটনা দেখি ৰামকৃষ্ণ সুঁৱৰিলে। তেওঁৰ মনত পৰিল যমুনাৰ বুকুত কৃষ্ণ-বসুদেৱৰ — “ফণায়ে ধৰিলা ছত্ৰ আসি সৰ্পৰাজে।’’ কন্দলীৰ মাতবোল হেৰাল; শৰীৰ ৰােমাঞ্চিত হ’ল ; শিৰে শিৰে তেজৰ স্পন্দন