ভাদমহীয়া ভৰপুৰ ব্ৰহ্মপুত্ৰ সাঁতুৰি সিপাৰ ইপাৰ হৈছিল; পানীত ডুব মাৰি মাছশিহু আদি আনিছিল। এনেদৰে মুকলি মনেৰে মুকলি ঠাইত আনন্দেৰে খেল খেলাৰ গুণত শঙ্কৰে ল’ৰাকালত সুন্দৰ স্বাস্থ্য গঢ়ি তুলিছিল আৰু এই স্বাস্থ্যৰ ভেটি এনে ওখ ও শকতভাৱে সাজিছিল যে তাৰ গুণত শঙ্কৰে ১২০ বছৰ বয়সলৈকে অতিৰিক্তভাৱে মানসিক আৰু শাৰীৰিক পৰিশ্ৰম কৰিবলৈ অলপো ভাগৰ বা ক্লান্তি বােধ নকৰিছিল। এদিন দুদিনকৈ যেতিয়া শঙ্কৰৰ বয়স ১২ বছৰ হ’লহি তেতিয়া এদিন তেওঁৰ বুঢ়ীমাক খেৰসূতীয়ে তেওঁক ক’লে, “বােপা! তােমাৰ উপৰিপুৰুষ সকলৰ ভিতৰত আটায়ে সুচতুৰ বিজ্ঞ পণ্ডিত আছিল; তেওঁলােকৰ বংশধৰ হৈ তুমিয়েই মুৰ্খদোষত বংশৰ মৰ্য্যাদা লােপ কৰিবা নে? এতিয়া আৰু তােমাৰ উমলিবৰ সময় নহয়। লিখাপঢ়া শিকি জ্ঞান আৰ্জ্জিবৰ এয়েই উপযুক্ত সময়।’’ বুঢ়ীমাকৰ কথাত শঙ্কৰে লাজ পালে আৰু পঢ়িবলৈ মান্তি হ’ল। শুভদিনৰ শুভক্ষণত শঙ্কৰে মহেন্দ্ৰ কন্দলীৰ ওচৰত বিদ্যা আৰম্ভ কৰে; পিছে ল’ৰাৰ ল’ৰালি শঙ্কৰৰ গাত দেখা নিদিয়াকৈ থকা নাছিল। এদিন শঙ্কৰে