সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৺শঙ্কৰদেৱ।

ব্ৰাহ্মণ সবকো অৰ্চ্চিলন্ত ৰঙ্গমনে।
চলি গৈলা বিপ্ৰ সবে আপুন ভবনে॥ ২৮
ৰঙ্গ ভৈলা কুসুমৰো পূৰ্ণ মনঃকাম।
আবে শুনা শঙ্কৰচৰিত্ৰ অনুপাম॥
সমান বয়স শিশু সব লৈযা সঙ্গে।
অহৰ্নিশে উমলি ফুৰন্ত মনৰঙ্গে॥ ২৯
ঢোপ ঘিলা খেড়ি দলি যুদ্ধ খেলাৱন্ত।
মোক ছুইবি বুলি কত বেগে লড় দেন্ত।
ছুইবো বুলি কতো শিশু পাচতে লৱড়ে।
আচোক ছুইবে কতোদূৰ পাচ পৰে। ৩০
হাঁসিয়া উলটি আসি সাবটি ধৰন্ত।
কতো হতাহতি বাহুযুদ্ধ খেলাবন্ত।
ত্তমলন্তে দিন বহি যাই শিশুসঙ্গে।
ক্ষুধা তৃষা একো নমানন্ত মনৰঙ্গে। ৩১
খেন চাৱ ধৰি আনি বাসা দিয়া থন্ত।
জাৰে দুখ পাবে বুলি বস্ত্ৰ উৰাৱন্ত
হাক ডাক নুশুনে খেলাতে দিন যাই।
ধূলি ধূসৰিত তনু বাতুল পৰাই॥৩২
মাতি আনি তাঙ্ক গৃহে স্নান কৰাৱন্ত।
পিতৃ সঙ্গে বসি ৰঙ্গে ভোজন কৰন্ত।