পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৭৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৭৬
৺শঙ্কৰদেৱ।


শুনিয়োক সৰ্ব্বজন  কৃষ্ণপাৱে দিয়া মন
 শঙ্কৰ চৰিত্ৰ মনোহৰ।
শুনন্তে অমৃত সম  সম্যকে পাপৰ যম
 কৰ্ণমন দুইৰো ৰুচিকৰ॥
বিষ্ণুবৈষ্ণবৰ যিটো  প্ৰসঙ্গক নুশুনয়
 সিটো মহা পাতেকি পৰম।
নাহিক সংশয় আত  জানিয়া নিশ্চয় তত্ব
 হুইবেক তাহাৰ স্বামী যম॥২৯৫
কলিমল সাগৰত  তল গৈলা লোক যত
 শ্ৰীমন্ত শঙ্কৰে জানিলন্ত।
কৃষ্ণে সমে নাম ধৰ্ম্ম  লোকত প্ৰকাশ কৰি
 সমস্তে লোককে তাৰিলন্ত॥
হৰিভক্তি দান কৰি সমস্তে লোককে ইটো
 তাৰিলা সংসাৰ ঘোৰ সিন্ধু।
হেনয় শঙ্কৰ বিনে কলিৰ লোকৰ আৰ
 নাই নাই নাই আন বন্ধু॥ ২৯৬
হে প্ৰাণ বন্ধু কৃষ্ণ দৈবকীনন্দন দেৱ
 মঞি মূঢ়মতি জ্ঞানশূন্য।
ই জন্মতো ধৰ্ম্ম একো সাঞ্চিবাকো নপাৰিলোঁ।
 বঞ্চিলোঁহো জন্মান্তৰি পুণ্য॥