পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৭০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৬৮
৺শঙ্কৰদেৱ।

তথাপিতো যদি   নেড়য় ভকতি
 কৰিবোঁ আন উপাই।
এহি বুলি সৱে   গৈলা ঘৰাঘৰি
 কাৰো মন স্বস্থ নাই॥ ২৭৫
ভক্তে মালা ধৰি   নাম লৈয়া ফুৰে
 ব্ৰাহ্মণে লাগ নেপাই।
অৰে ভকতীয়া   বুলিয়া নিন্দয়
 ক্ৰোধ কৰি মুখ চাই॥
ই পন্থে আমাৰ   নাসিবি ভক্তিয়া
 বুলিয়া বিস্তৰ গৰ্জ্জে।
মালা কাঢ়ি নিয়া   বিতণ্ডা কৰিয়া
 আড়ে কুকুৰৰ লাঞ্জে॥ ২৭৬
পণ্ডিত ব্ৰাহ্মণে   ভকতক পাই
 অন্যাই কৰে বিস্তৰ।
উলটি ভকত   গৃহক আসয়
 ডৰত নেদি উত্তৰ॥
শঙ্কৰৰ পাৱে   নমস্কাৰ কৰি
 ভকতে কহে কথাক।
পথত যাইবাক   নপাৰি ব্ৰাহ্মণে
 কদৰ্থি মাৰে আমাক॥ ২৭৭