পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৺শঙ্কৰদেৱ।

তান পত্নী গৃহে থাকি স্বপ্ন দেখিলন্ত।
স্বপ্নে মহাদেৱ আসি সাক্ষাত ভৈলন্ত॥১৮
জটাজুটে শিৰে শোভে অৰ্দ্ধচন্দ্ৰকলা।
গলত শোভয় মনুষ্যৰ মুণ্ডমালা॥
কটিত বাঘৰ চাল সৰ্প্পে অলঙ্কাৰ।
ভস্মে বিভূষিত অঙ্গ দেখি চমৎকাৰ॥ ১৯
মহা ভয় হুয়া দেবী চাহিয়া আছন্ত।
দিয়া তজু গৃহে থান মহেশে মাগন্ত॥
নিদ্ৰা ভঙ্গ ভৈল সতী চেতন লভিল॥
আসিলন্ত স্বামী পাচে তাহান্ত কহিলা॥ ২০
শুনিয়োক প্ৰভু মঞি দেখিলোঁ সপোন।
আমাৰ গৃহত থান খোজে ত্ৰিনয়ন॥
শুনিয়া কুসুম মহা আনন্দ ভৈলন্ত।
হুইবেক কামনা সিদ্ধি মনে মানিলন্ত॥ ২১
আছন্ত কুসুম যেবে আনন্দিত মতি।
তান প্ৰিয়া পত্নী পাচে ভৈলা গৰ্ভাৱতী॥
শুভ তিথি দিন বাৰ নক্ষত্ৰ মিলিলা।
শুভ ক্ষণ বেলা তান পুত্ৰ উপজিলা॥ ২২
মিলিল আনন্দ দেখি সকলে বংশৰ।
কৌতুকে তাহাৰ নাম থৈলন্ত শঙ্কৰ॥