সমললৈ যাওক

পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৫৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৫৭
৺শঙ্কৰদেৱ।

সংসাৰত আয়াযাত নুগুচে জীৱৰ।
এতেকে প্ৰবৃত্তি পন্থ পৰম দুষ্কৰ॥ ২২৯
শুনিয়া মাধৱে পাচে বুলিলা বচন।
পুৰাণে আগমে কহে কৰ্ম্মেসে প্ৰধান॥
কৰ্ম্ম এড়ি বিকৰ্ম্ম পাতেকে হোৱে হত।
অৱশ্যেকে পৰিবেক ঘোৰ নৰকত॥ ২৩০
শঙ্কৰে বোলন্ত শুনিয়োক স্বৰূপত।
পুৰাণৰ সূৰ্য্য ইটো মহা ভাগৱত॥
তাবত জনোকা পোকা প্ৰকাশ কৰয়।
যাবত নুহিকা আসি চন্দ্ৰমা উদয়॥ ২৩১
পূৰ্ব্ব দিসে সূৰ্য্য যেবে ভৈলেক উদয়।
জনৌকা চন্দ্ৰৰ প্ৰকাশক বিনাশয়॥
জনৌকা সদৃশ কুকাব্য নিৰন্তৰ।
সকলে পুৰাণ যেন প্ৰকাশ চন্দ্ৰৰ॥ ২৩২
কোটি সূৰ্য্য সম প্ৰকাশয় ভাগৱত।
কাব্য পুৰাণৰ কিছো নাহিকে মহত॥
ভাৰত পুৰাণ ব্যাস ঋষি কৰিলন্ত।
যাৰ যেন জাতি ধৰ্ম্ম সবে বিলিহন্ত॥ ২৩৩
চাৰিয়ো বেদৰ কৰিলন্ত সমস্যা ভেদ।
তথাপিতো নুগুচে মনৰ তান খেদ॥