পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/৪৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
৪৫
৺শঙ্কৰদেৱ।

মোক আজ্ঞা কৰিলন্ত জগন্নাথ
 শুনিয়োক দ্বিজবৰ।
বৰদোৱা গ্ৰামে আছন্ত শঙ্কৰ
 যায়োক তৈকে সত্বৰ॥ ১৭৫
শঙ্কৰৰ মোৰ নাহিকে অন্তৰ
 তৈতে পঢ়া ভাগৱত।
হেন শুনি মঞি আনন্দে লড়িলো
 আজ্ঞা কৰি শিৰোগত॥
দুই মাস পূৰ্ণ ভৈলেক পথতে
 আসিলোঁ হো ৰঙ্গমন।
মহা ভাগ্য মোৰ মিলিলা তোমাক
 দেখিলোঁ আসি নয়নে॥ ১৭৬
তজু দৰশনে পাপ দূৰ ভৈল
 আনন্দ কৰে হৃদয়।
এতেক বোলন্তে প্ৰেম উপজিল
 নয়নে নীৰ ঝৰয়॥
শঙ্কৰৰ মুখ নিৰেখি ব্ৰাহ্মণ
 থাকিলন্ত মৌন হুই।
শুনা সৰ্ব্বজন তেজি আন মন
 সম্যকে পাপৰ জুই॥ ১৭৭