পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২৮
৺শঙ্কৰদেৱ।

পূৰ্ব্বত দৈবজ্ঞে কহিয়া আছন্ত
 ঠাকুৰৰ যশ ৰাশি।
গঙ্গাত শৰীৰ এড়িবন্ত এন্তে
 কহিলোঁ মঞি প্ৰকাশি॥ ৯১৬
শুনা সৰ্ব্বজন কৰি এক মন
 শঙ্কৰ চৰিত্ৰ সাৰ।
আত পৰে গতি  নাহিক সম্প্ৰতি
 দুৰ্ঘোৰ কলিত আৰ॥
কেৱল ভকতি প্ৰকাশিলা আতি
 শ্ৰীমন্ত শঙ্কৰদেৱ।
তান্ত বিনে আন ইতিনি ভুৱনে
 তাৰস্তা নাহিকে কেৱ॥ ৯১৭
তাহান চৰণে পশিয়া শৰণে
 শ্ৰৱণ কীৰ্ত্তন কৰা।
ভকতৰ সঙ্গে শুনি মহাৰঙ্গে
 সুখে ভবনদী তৰা॥
শুনা সৰ্ব্বজন কহয় ভূষণ
 জ্ঞান শূন্য অল্প মতি।
শঙ্কৰ চৰিত্ৰ পুস্তকৰ কথা
 এহি মানে সমাপতি॥ ৯১৮