পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২২৭

ৱিকিউৎসৰ পৰা
নেভিগেশ্যনলৈ যাওক সন্ধানলৈ যাওক
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২২৫
৺শঙ্কৰদেৱ।

শুনিয়ো গোপাল  শুনিয়ো গোবিন্দ
 তোমাত কহঞ নিষ্ট।
ঘৰসিয়া মধ্যে  আছন্ত ঠাকুৰ
 আমাৰ ভাতৃ কনিষ্ঠ।
তান্তে ধৰ্ম্ম থৈলোঁ  নিষ্ট কওঁ মঞি
 সবাৰে আগতে কঞ।
যেন হস্তিদন্ত একোটা থাকন্ত
 এগোটা সৰিয়া যান্ত॥ ৯০৯
এহি বাক্য বহি  ঠাকুৰ ঈশ্বৰ
 তম্ভি মৌন হুয়া ৰৈলা।
শ্ৰীশঙ্কৰক হৃদয়ে ধৰিয়া
 বৈকুণ্ঠক চলি গৈলা॥
পৰম যশজ্ঞ প্ৰভু চতুৰ্ভুজ
 ঘৰসিয়া মধ্যে থাকি।
শ্ৰীশঙ্কৰৰ ইটো শুদ্ধ ধৰ্ম্ম
 কহিলা জগত ঢাকি॥৯১০
আপুনি ধৰ্ম্মত নিপুণ যি হেতু
 নলৈলন্ত গুৰু ভাৰ।
এহি গুৰু ভাৰ  যিজনে লোৱয়
 জানিব নোহৈ আমাৰ।

১৫