পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২১৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১২
৺শঙ্কৰদেৱ।

বাসনা সহিত যত পাপ আছে
 নিঃশেষে তাক হৰন্ত।
ভকত জনৰ পৰম সুহৃদ
 উপকাৰী ভগৱন্ত॥
ভক্তি নামে কৃষ্ণ শৰণে সে বীজ
 সাধু সবে ভূমি তাৰ।
ডাল পত্ৰ পুষ্প ইহাৰ সাধন
 প্ৰেম ৰসে ফল সাৰ॥ ৮৬৩
নমো নমো দেৱ দৈবকী নন্দন
 ভকত বৎসল স্বামী।
তোমাৰ অভয় চৰণ পঙ্কজে
 শৰণে পশিলোঁ আমি॥
শৰণা গতক নেড়িবা মাধৱ
 নকৰিবা আশা ভঙ্গ।
জনমে জনমে  দিয়োক তোমাৰ
প্ৰিয় ভকতৰ সঙ্গ॥ ৮৬৪
সাধুসঙ্গ বিনে উপদেশ মনে
নোচোৱে কৃষ্ণৰ পাৱে।
ক্ষণ মাত্ৰ সাধু  সঙ্গ লৈলে হোৱে
 সংসাৰ সাগৰ পাৰ॥