পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২১২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২১২
২১২
৺শঙ্কৰদেৱ।

হৰিষাৰ বোলে  নাম ধৰিলন্ত
 হৰিয়ো লগতে গাইল।
নামৰ আনন্দ ৰসে হৰিষতে
 ৰজনী গোট পুহাইল॥
কমাৰক মাতি  নিহল গুচাইল
 কহিল কথা স্বপ্নৰ।
নাৰায়ণ গোকুল চান্দ কান্দিলন্ত
 বাক্য শুনি শঙ্কৰৰ॥ ৮৫৮
দুই হান্তৰ পাৱে  নমস্কাৰ কৰি
 হৰিষা বোলে বচন।
নিশ্চয় বুলিলোঁ  ভজিবোঁ কৃষ্ণক
 কৰায়ে মোক শৰণ॥
নাৰায়ণে বোলে  শৰণ কৰাইলে
 সবে লোকে শুনিবেক।
এহি দোষে ৰাজা  তোমাক আমাক
 ভোন্টক পুনু দিবেক॥ ৮৫৯
হৰিষা বোলয় সবে পৰিয়াৰে
 নিশ্চয় শৰণ লৈবোঁ।
যদি ৰাজা খঙে  তোমাৰ বদলে
 আমৰা ভোণ্টক যাইবোঁ।