পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২০৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
২০৪
৺শঙ্কৰদেৱ।

শঙ্কৰক পাইবোঁহো সবে কথা পুছিবোঁহো
 যিমত ভকতি ধৰ্ম্ম সাৰ।
মোত মহা ভয় ভৈলা  পলাই কোন দেশ গৈলা
 কোন মতে লাগ পাইবোঁ আৰ॥ ৮৪৩
ব্ৰাহ্মণ সবৰ বাক্যে  বিস্তৰ গৰ্জ্জিলোঁ তাঙ্কে
 আউৰ লাগ নেদিবে আমাক॥
শঙ্কৰক স্মৰি মনে ৰৈলা নৰ নাৰায়ণে
 শুনিয়োক পাচৰ কথাক॥
গোকু চান্দ নাৰায়ণে  বাসা কৰি পূৰ্ব্ব থানে
 সুখে ৰাত্ৰি নিদ্ৰাক লভিলা।
পুহাইল ৰজনী জানি ঢকুৱা আসন আনি
 ওহলাই দুয়ো বাহিৰে বসিলা॥ ৮৪৪
দুইৰো দুইত আতি প্ৰীতি  নামত একান্ত ৰতি
 থাকোঁ দুয়ো হৰি গুণ গাই।
অনেক দোকানী গণে  বেঢ়ি আসি সেহি থানে
 থাকে ৰঙ্গে দুই হান্তক চাই॥
কতোক্ষণ চাহি আছি  মাথাৰ নমাৱ পাছি
 যাত যিবা বস্তু আছে জানি।
চাউল দালি বাঙ্গন  মৎস্য খৰি তেল লোণ
 আগত পেহলাই দেই আনি॥ ৮৪৫