পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/২০৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০১
৺শঙ্কৰদেৱ।

দেখা সৰ্ব্বজনে মহা জনৰ ধৰ্ম্মক।
কি কৰিব ভোন্টে যাৰ ঈশ্বৰ ৰক্ষক॥
একান্ত স্মৰণে যিটো ফুৰে নাম ধৰি।
তাক ৰক্ষা কৰিয়া আপুনি ফুৰা হৰি॥৮৩০
ভকতক নেনে আনে কহয় শাস্ত্ৰত।
সাক্ষাতে নেনিলে ভোন্টে সবাতে বেকত॥
এড়িয়া আশঙ্কা সবে শুনা একচিতে।
বুলিবা ইসব কথা পাইলা কোন মতে॥ ৮৩১
শঙ্কৰ দেৱৰ শিষ্য নাৰায়ণ ভৈলা।
মাধৱ সহিতে দুয়ো সখিত কৰিলা॥
পৰম অত্যন্ত দুইৰো আছিলেক প্ৰীতি।
গৈলন্ত মাধৱ যেবে বেহাৰক প্ৰতি॥৮৩২
জয়নিয়া গ্ৰামে ৰহিলন্ত নাৰায়ণ।
এহি কথা সোধে আসি সবে ভক্তগণ॥
ভবানীপুৰ নগৰত গোপাল আছন্ত।
ভক্ত সমে আসি এহি কথাক সোধন্ত॥৮৩৩
লক্ষ্মীকান্ত মথুৰাদাস ভক্ত সমে আসে।
দক্ষিণ কূলৰ বিষ্ণু নগৰ হৰিদাসে॥
লস্কৰ হাজাৰা ঠাকুৰীয়া যত যত।
তাৰায়ো সোধই কথা নাৰাণ দাসত॥ ৮৩৪