এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৮৩
৺শঙ্কৰদেৱ।
এহি বুলি নমস্কাৰ কৰিবে উঠিলা।
ৰাম ৰাম বুলি চক্ৰপাণি অন্তৰিলা॥
মোকো ভণ্ডিবাক চাহা হাসি এহি বুলি।
তাহান খোজৰ হাতে পৰশিলা ধূলি॥ ৭৩৩
যজমান সমস্তৰে এড়িলন্ত আশ।
কৃষ্ণত ভকতি ভৈলা সুদৃঢ় বিশ্বাস॥
দিন চাৰি থাকি দুয়ে৷ লগে আসিলন্ত।
যজমান সমস্তকো মতাই আনিলন্ত॥৭৩৪
শিখা বোধ কথা যে বুঝাইলা তাসম্বাক।
কৰিলে নিশ্চয়ে লোকে হৰি ভজিবাক॥
হেন চক্ৰপাণি মহামানী আছিলন্ত।
তাহান তনয় পাচে বৈকুণ্ঠ ভৈলন্ত॥ ৭৩৫
অদ্যাপিও লোকে যাক প্ৰশংসা কৰয়।
ভকতি ধৰ্ম্মত নিষ্ট বুদ্ধি অতিশয়॥
তান পুত্ৰ মূৰুখ ভূষণ শিশুমতি।
শঙ্কৰ চৰিত্ৰ পদে সম্প্ৰতি বদতি॥৭৩৬
প্ৰসঙ্গত থাকিয়া কহিলোঁ। কথা যত।
মহন্ত সকলে দোষ ক্ষমিবো সমস্ত॥
বাৰ্হ ঘৰ মনুষ্য আছয় শঙ্কৰৰ।
কৰণীয়া যেন পূৰ্ব্ব ভূঞালি কালৰ॥ ৭৩৭