পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১৫
৺শঙ্কৰদেৱ।

হেন বাক্য শুনিলন্ত ততকালে উঠিলন্ত
একেলগে স্নানিবাক গৈলা।
আনো দুই চাৰি জন স্নানিবাক ৰঙ্গমন
আসি সব একলগ ভৈলা॥
ব্ৰহ্মপুত্ৰ তীৰ্থ জল দেখি আতি সুনিৰ্ম্মল
পশ্চিম দিশক বহি যান্ত।
মৎস্য সুসু ঘৰিযাল কৰে আতি উৰুফাল
কাখৰত বসি ৰঙ্গে চান্ত॥ ৬৩
জলত নামিয়া যাই শঙ্কৰে বুলিলা চাই
ৰাম ৰাম গুৰুক সাদৰি।
তুমি আমি আনো জন আসা সবে এতিখণ
ৰঙ্গে পাৰ হুইবোহো সান্থৰি॥
দুই নাৱ দুই পাশে বায়া যাউক লাসে লাসে
সান্থনিবে যিটো আশকত।
তল যাইতে কোন কাজ অত কিছো নাই লাজ
চাম্প দিয়া উঠিবে নাৱত॥ ৬৪
এহি যুক্তি কৰি সবে সান্থৰিয়া যান্ত যেবে
যিটে! যিটো যাইবাক নপাৰে।
কতো এক ভাগ গৈল কতত অৰ্দ্ধ ভাগ পাইলা
উঠিলেক নাৱৰ উপৰে॥