পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৫৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১৫৫
৺শঙ্কৰদেৱ।

তান্তি কুঞ্চি নাম গ্ৰামে সত্ৰ পাতিলন্ত ৰঙ্গে
 দেৱগৃহ নিৰ্ম্মিলা তহিত।
সমস্তে লোকক চানি ভকতিক প্ৰবৰ্ত্তাইলা
 ইটো কথা বিদিত সবাত॥৬১৮
শ্ৰীশঙ্কৰ মাধৱক দেখিলন্ত যিটো লোক
 কথা শুনি তাসম্বীৰ মুখে।
পাপ কৰি মসিমুৰ সংশয় কৰিয়া দূৰ
 সংসাৰ তৰিয়া গৈল সুখে।
শঙ্কৰৰ মাধৱৰ চৰিএক যিটো নৰ
 কৰে সদা শ্ৰবণ কীৰ্ত্তন।
পাপত মুকুত হুয়া অন্তকালে পাইব গৈয়া
 মহাসুখে বৈকুণ্ঠ ভুবন॥ ৬১৯
নমো নমো কৃষ্ণদেৱ দৈবকী নন্দন প্ৰভু
 মঞি অধমক কৰা দায়া।
তজু পদপঙ্কজত সদা নিমজ্জোক মন:
 দূৰ কৰা মোৰ মোহ মায়া।
তোমাৰে মায়ায়ে হৰি ফুৰাৱে আকুল কৰি
 দুখময় ইটো সংসাৰত।
বোলোঁহো কাকূতি কৰি মায়া দূৰ কৰি হৰি
 ৰাখা মন তজু চৰণত॥ ৬২০