পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১৩০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১২৮
৺শঙ্কৰদেৱ।

এক দিন কথা   প্ৰসঙ্গ উঠিলে
 ৰাম আগ হুয়া গৈলা।
মাধৱৰ যত   ৰন্ধনৰ দ্ৰব্য
 সমস্তে নিয়োজি থৈলা॥ ৫০৮
মাধৱ নাসন্ত   দেখি ৰামে বসি
 কৃষ্ণৰ ৰূপ চিন্তন্ত।
ভকত কৃপাল   দেব নাৰায়ণ
 সাক্ষাত আসি ভৈলন্ত॥
মনোময় দ্ৰব্য   দিয়া গোবিন্দক
 অৰ্চ্চিলন্ত শুদ্ধ ভাৱে।
সৱে অলঙ্কাৰ   পিন্ধায় খড়ম
 পিন্ধাইলন্ত এক পাৱে॥ ৫০৯
এতেকতে আসি   মাতিলা মাধৱে
 শুনি এড়িলন্ত ধ্যান।
পানী পীৰা আনি   দিলা মাধৱক
 বসিলন্ত কৰি স্নান॥
মাধৱে দেখন্ত   খড়ম কৃষ্ণৰ
 নাহিকে এক পাৱত।
কোনে কদৰ্থনা   কৰিলা কৃষ্ণক
 পুছন্ত সৱে ভক্তত॥ ৫১০