পৃষ্ঠা:শ্ৰীশ্ৰীশঙ্কৰদেৱ- ভূষণ দ্বিজ কবি.djvu/১১৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হৈছে
১১৫
৺শঙ্কৰদেৱ।

মোৰ বুলি যাক মহা পুৰুষে লৈলন্ত।
এতেকে জানিলোঁ তুমি মহা ভাগ্যৱন্ত॥ ৪৬২
মোৰ ভাগ্যে আছে কৰিলোঁহো সম্ভাষণ।
মহা পুৰুষৰ শিষ্য ভৈলোঁ দুয়োজন॥
নাৰায়ণ মাধৱৰ সম্বাদ উত্তম।
আনো লোকে চাহি আছে পৰিয়া নিজম॥ ৪৬৩
নাৰায়ণে উঠি গৈয়া আপুনি আনিলা।
কড়ি এক কচি মাধৱৰ আগে দিলা॥
পাঞ্চ কাওণ কড়ি এক কচি হুই জানা।
ব্ৰাহ্মণ সবক দিবা শুদ্ধিৰ দক্ষিণা॥ ৪৬৪
মাধৱে বোলন্ত আৰো কড়ি আছে যেবে।
টকা লৈয়া আমাক গণিয়া দিয়ো তেবে॥
শুনি নাৰায়ণে টকা হাতত লৈলন্ত।
মাধৱৰ হাতে কড়ি গণিয়া দিলন্ত॥ ৪৬৫
কিছো পান তাম্বুলক দিলন্ত আগত।
লগাইবাহা আক সবে শুদ্ধিৰ কাৰ্য্যত॥
মাধৱে বোলন্ত কত দিন থাকিবাহা।
গৃহক যাহন্তে তুমি মাতিয়া যাইবাহা॥ ৪৬৬
থাকিয়োক এথা তুমি বুলি উঠিলন্ত।
উঠি নাৰায়ণে সাবটিয়া ধৰিলন্ত॥